📞 +91 70990 15100   |   Mon–Sat: 9:30am – 5:00pm
Essay (Assamese)

আধ্যাত্মিকতাৰ দিশেৰে "কৃষ্ণ প্ৰেম বা কৃষ্ণ ভক্তি"

মনুষ্য জন্ম হেনো কোটি কোটি পুণ্যৰ ফলতহে পোৱাৰ সৌভাগ্য হয়। আমি সকলো মায়াৰ অধীন। মনুষ্য জন্ম লৈ মাথো এজনেই মায়াক অতিক্ৰম কৰি সৃষ্টি স্থিতি প্ৰলয়ৰ ভাৰ লৈ দুষ্টক দমন শিষ্টক পালন কৰি সমস্ত জীৱ-জন্তু, গছ-লতা, চৰাই চিৰিকটি, কীট-পতংগ সমস্তকেই ৰক্ষা কৰি আছে,,, তেৱেঁই হৈছে দ্বাৰকাৰ অধিপতি ভগৱান শ্ৰীকৃষ্ণ।

কৌৰৱ পাণ্ডৱৰ(কুৰুক্ষেত্ৰ) যুদ্ধৰ শেষত পঞ্চ পাণ্ডৱ জয়ী হৈ হস্তিনাপুৰৰ ৰাজভাৰ গ্ৰহণ কৰাৰ পিছত ভগৱান শ্ৰীকৃষ্ণই হস্তিনাপুৰ এৰি আহিবলৈ ওলোৱাৰ প্ৰাক-মুহূৰ্তত পেহী কুন্তীমাৱৰ ওচৰলৈ গৈ ক'লে...

হে পেহী মই যাব ওলাইছোঁ মোক অনুমতি দিয়া আৰু মোৰ পৰা তোমাক কি বৰ লাগে কোৱা যি বিচৰা আজি মই সেয়াই দিবলৈ প্ৰস্তুত কৃষ্ণৰ কথাতে পেহী কুন্তীয়ে ক'লে...

হে বাসুদেৱ, হে মধুসূদন দিব খুজিছা যেতিয়া মোক মাথো এটাই বৰ দিয়া,যাতে প্ৰতিটো মুহূৰ্তত দুখ, যাতনা পাওঁ প্ৰতিটো ক্ষণ যেন এটা বিপদৰ পিছত আন এটা বিপদে আহি থাকে...

কুন্তী পেহীৰ কথাত ভগৱান শ্ৰীকৃষ্ণই হতবাক হৈ সুধিলে...

পেহী,, ইমান দিনেচোন প্ৰতিটো মুহূৰ্ত দুখ কষ্টেতে কটালা এতিয়া অকণমান সুখৰ মুখ দেখিছা গতিকে মোৰ পৰা ভাল কিবা বিচৰা,,, তেতিয়া পেহী কুন্তীয়ে ক'লে...

হে প্ৰভু,,,যদিও অতদিনে কিবা কষ্ট পাইছিলোঁ তাৰ মাজত আমি সুখ, আনন্দও অনুভৱ কৰিছিলোঁ কাৰণ সেই দুখৰ সময়খিনিত তুমি আমাৰ কাষত থাকি মাৰ্গ দৰ্শন কৰি ৰক্ষা কৰি আছিলা। এতিয়া অকণমান ভাল দিন অহা বাবে তুমি আমাক এৰি আঁতৰি যাব ওলাইছা।

হে বাসুদেৱ তুমি আমাৰ প্ৰাণ স্বৰূপ ,তুমি আমাৰ ত্ৰাণকৰ্তা। তুমি বিহীন জীৱনৰ অৰ্থই বা কি?

মাধৱেসে আত্মা নিজ,,, মাধৱেসে ইষ্ট গুৰু মাধৱেসে দেৱতা পৰম। পৰম ঈশ্বৰ স্বামী জানি,,, মাধৱক ভজা মনুষ্যৰ ইসে নিজ ধৰ্ম॥ (নামঘোষা)

এয়াই হৈছে কৃষ্ণ প্ৰেম বা কৃষ্ণ ভক্তি। আমি মনুষ্য জন্ম লৈ মায়াত আবদ্ধ হৈ পৰোঁ অহংকাৰত মতলীয়া হওঁ, মানৱতা পাহৰি কাম, ক্ৰোধ, লোভ, মোহত মত্ত হওঁ, যাৰ পৰিণতি হয় ভয়ংকৰ। আমাৰ মনবোৰ পৱিত্ৰ হ'ব লাগিব, দয়াশীল ক্ষমাশীল হ'ব লাগিব। সকলোকে সম দৃষ্টিৰে চাই আনৰ উপকাৰ কৰি সততে চলিলে ভগৱান প্ৰতিটো মুহূৰ্তত গাৰ ছাঁৰ দৰে থাকি কৃপা কৰিব। ভগৱান সদায় ভক্তৰ অধীন।

← Back to Blog