📞 +91 70990 15100   |   Mon–Sat: 9:30am – 5:00pm
Poem (Assamese)

মই ভাগৰা নাই, জীৱন হেৰোৱা নাই

কুৰি বছৰতে ঘৰৰ সমস্ত দায়িত্ব লৈও তেওঁ যেন ভাগৰা নাই। আপোনবোৰৰ নিদ্ৰা আৰু পেট পূৰাবলৈ তেওঁ যে কিমান দিন অনিদ্ৰা অনাহাৰে আছে কোনো ঠিকনা নাই। আধাতে শিক্ষা সাং কৰি চাকৰি কৰিছে তথাপিও শিকাৰ যেন দুৰ্বাৰ হেঁপাহ। বৰলুইতৰ চলাৰ দৰে যেন তেওঁৰ গতি কোনো কালে থমকি নথকাৰ প্ৰতিশ্ৰুতি। তেওঁ গৈছে, কেৱল গৈছে তেওঁ যুঁজিছে, জিকিছে, হাৰিছে তেওঁ যুঁজিছে, কেৱল যুঁজিছে। কোচত শিশু "Heartthrob"ক লৈ তেওঁ প্ৰশাসনিক বিষয়া হোৱাৰ প্ৰস্তুতি চলাইছে। তেওঁ যে মাত নামাতে, তেওঁ যে কথা নকয়, কেৱল এক দৃঢ়দৃষ্টিৰ চিন্তা। পোনা কেইটাক সংস্কৃতিবান কৰি গঢ়ি তুলিবলৈ তেওঁৰ আপ্ৰাণ চেষ্টা। তবলা, গিটাৰ, keyboard, সকলোৰে শিক্ষা দিছে জোনাক গলা জাৰৰ নিশা পুত্ৰলৈ বুলি লিখিছে গীতৰ কথা "মই ভাগৰা নাই, জীৱন হেৰোৱা নাই" কুমাৰৰ ভাস্কৰ্য, খনিকৰৰ লেখীয়া তেওঁৰ প্ৰয়াস। তেওঁ যেন এক নিৰব সাধক। কপিল মুনিৰ দৰে তেওঁৰ সাধনা। পত্নীৰ মৃত্যুত চকুলো টোকা তেওঁক কোনেও দেখা নাই তেওঁৰ মৌন প্ৰতিশ্ৰুতি "তুমি চিন্তা নকৰিবা, মই আছো, মই ভাগৰা নাই, মই নাভাগো" জীয়ৰীৰ চূণ-বিচূণ শৰীৰ কোলাত লৈও তেওঁ নীৰৱ তেওঁ নিচুপ আছে, তেওঁ নাকান্দে, নাই তেওঁৰ কোনো আৰ্তনাদ। পুত্ৰৰ বিয়োগত তেওঁ হিয়া ঢাকুৰি কন্দোনো কোনেও শুনা নাই। অন্তৰৰ ধুমুহাক ঠাইতে লুকাই ৰাখিছে তেওঁ। পুত্ৰৰ নশ্বৰ দেহত পুষ্পমালা দিওঁতে এবাৰো কেঁকাই উঠা নাই তেওঁ। এবাৰো কোৱা নাই "কিয় গুচি গ'ল গোলন্দী" বুলি তেওঁ একেবাৰেই মৌন তেওঁৰ মৌনতাই যেন চিঞৰি চিঞৰি কয় "মই ভাগৰা নাই, জীৱন হেৰোৱা নাই" সঁচাকৈয়ে...!!! তেওঁ যেন কোনো কালে ভাগৰা নাই।

← Back to Blog