Poem (Assamese)
সৰুসজাই
কেনেকুৱা লাগিব
এজন অতি মৰমৰ হিয়াৰ আমঠুক
কাঁচৰ বাকচত আবদ্ধ কৰি মিউজিয়ামত থৈ চোৱাৰ দৰে
তোমাৰ হৃদয়ে হয়তো হুক-হুকাই কান্দিব
এনেকুৱা প্ৰতিচ্ছবিৰ সন্মুখীন হ'বলৈ
তোমাক হিয়া উজাৰি মৰম কৰিছিলোঁ
তোমাৰ গান সুখে-দুখে শুনিছিলোঁ
তোমাক হেৰোৱাৰ কথা কল্পনাও কৰা নাছিলোঁ
তোমাৰ অসাধাৰণ সৃষ্টিৰ মাজেৰে নিজৰ জীৱনটো
জীয়াইছিলোঁ
নিজৰ প্ৰিয়জনক হেৰোৱাৰ সমানেই দুখ
তুমি হেৰাওঁতে অনুভৱ কৰিছিলোঁ
এতিয়া কৰুণময় দৃশ্য অসমৰ
ইমান সোণকালে কল্পনাও কৰা নাছিলোঁ
একেলেগে অজস্ৰ মানুহৰ মনৰ বল
এতিয়া এক ক্ষণতে ভাঙিব বুলিও ভবা নাছিলোঁ
তোমাৰ কথাই আজি অত্যধিক আমনি কৰিছে
মৃত্যু সঁচাকৈ ইমান সহজ নেকি
আজি অন্তৰ আত্মাই যেন চিঞৰিছে
আজি অন্তৰ আত্মাই যেন চিঞৰিছে...