Poem (Assamese)
ভেজাল খাদ্য আৰু ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰ
প্ৰাক্-স্বাধীনতা কালত জন্ম হ'ল ৰাজ্যিক জনস্বাস্থ্য বিশ্লেষণাগাৰ, অসম
কৰিবলৈ ভেজাল/নিৰ্ভেজাল খাদ্যৰ পৰীক্ষণ।
ভেজাল খাদ্য প্ৰস্তুতকাৰী খাদ্য ব্যৱসায়ী মানুহ
খাদ্য উপভোক্তাও মানুহ।
মানুহে মানুহৰ বাবে কিয়নো অকণো নেভাবে
কিয়নো ভেজালকাৰীয়ে পাহৰে তেওঁলোকে যে মানুহ।
ভেজাল খাদ্য ৰোধিবলৈ চৰকাৰে কৰিছে প্ৰচেষ্টা
কৰিছে ভিন্ন ব্যৱস্থা পায় যাতে ৰাইজে সজাগতা।
এফ. এছ. এছ. এ. আই., এফ. এছ. এছ. আইন ২০০৬ হ'ল সৃষ্টি
৫ আগষ্ট, ২০১১ ত আইনখন হ'ল কাৰ্যকৰী।
সজাগ হৈছে খাদ্য ব্যৱসায়ী সজাগ হৈছে ক্ৰেতা
তথাপিও এতিয়াও প্ৰয়োজন আছে সজাগতাৰ।
এফ. এছ. ডব্লিউৰ দ্বাৰা ৰাইজক জনাইছে খাদ্য সুৰক্ষাৰ কথা
গাঁও অঞ্চলতো যাতে হয় অধিক সজাগতা।
জিলাই জিলাই হৈছে ভ্ৰাম্যমাণ খাদ্য পৰীক্ষাগাৰ
সহজ সৰল জনগণৰ হৈছে উপকাৰ।
ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰ, অসমৰ মানদণ্ডৰ দেখা গৈছে
অপৰিসীম পাৰ্থক্য।
সুন্দৰ হৈছে খাদ্যৰ সূক্ষ্ম পৰীক্ষণ
প্ৰয়োগ হৈছে প্ৰযুক্তিগত নৱ নৱ যন্ত্ৰ।
আগলৈকে উজ্জ্বলি উঠক ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰ, অসম
সকলোৰে সমূহীয়া প্ৰচেষ্টাত।
"জয়তু ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰ, অসম"
"জয়তু খাদ্য সুৰক্ষা আয়ুক্তালয়, অসম"