Poem (Assamese)
বনৰীয়া জুই
চেঁকা পৰা কলিজাৰ শুকান ঘাৱবোৰত
ভাঙি যোৱা আত্মবিশ্বাসৰ সৰু সৰু টুকুৰাবোৰত
লাগিছে যেন এক বনৰীয়া জুই
বিনিদ্ৰ ৰজনীৰ অবাঞ্ছিত অপেক্ষাবোৰত
অনাদৃত আৱেগৰ অনাকাংক্ষিত বোজাবোৰত
লাগিছে যেন এক বনৰীয়া জুই
অপ্ৰকাশিত সপোনবোৰৰ উত্তাল আহ্বানত
অসামান্য প্ৰেৰণাৰ অজেয় উৎসাহবোৰত
স্থিতপ্ৰজ্ঞ দৃঢ়তাৰ শক্তিশালী অভিযানবোৰত
লাগিছে যেন এক বনৰীয়া জুই
এক বনৰীয়া জুই
এক বনৰীয়া জুই