Poem (Assamese)
শাওণৰ আবেলি
ফেনে ফুটুকাৰে বাঢ়ি যোৱা লুইতৰ পানী
পশ্চিমৰ ৰ'দৰ ৰূপালী জিলিকনি
মাজত বুকুৱে বুকুৱে থকা উদং কিছু বালিচাপৰ
এই বালিচাপৰকো সামৰি বোৱাই লোৱাৰ
পশ্চিমৰ বেলিৰ লুইতক প্ৰবল দাবী
লুইতৰ বুকুত বোৱাৰ সময়
ভৰা যৌৱন সামৰি উশাহ ভৰি উঠা ভাল লগা ধেমালি।